🎵

Kene Asa Tumi

Album: Kene Asa Tumi Durasi: 4:51

বহাগৰ

বৰষূণ

বিৰিষে বিৰিখে বিয়পিলে

মৰমৰ

মলমে

মৰহা মনকে মিচিকালে

পৰানৰ

পিয়াহক

প্ৰণয়ৰ পানীৰে পুৰাবলে

নিমাতী

নিজানতে

নতুন নুপুৰে নিজে নাচে

ঠেহ পাতি থৰ লগা থোপাথুপি থোৰবোৰে

লজুকিয়া লহমাতে লহপহালে লাহেকে

গ ভীৰৰে গভীৰতে ণ্ডণণ্ডণ গানবোৰে

সোধে মাথোঁ কেনে আছা তুমি

ৰ'দ লৈ ৰৈ থকা ৰাগবোৰে ৰিঙিয়ালে

শাঁত পৰি শুই থকা সোঁৱৰণী সোঁৱৰিলে

জিৰণিৰে জুৰ লৈ জাগি থকা জীউটোৱে

সোধে মাথোঁ কেনে আছা তুমি

সোণপৰুৱা

সোণ মোৰ

সোণণ্ডটি সোণালী

তৰাফুটুকী

তিৰবিৰণী

তুমি তুমি তৰালি

বনৰীয়া

বনকোঁৱৰৰ

বুকুৰ বকুল বুটলি

চকুৰ চুকতে

চেনেহ চহালে

চিলনীৰে ছোৱোলী

ঠেহ পাতি থৰ লগা থোপাথুপি থোৰবোৰে

লজুকিয়া লহমাতে লহপহালে লাহেকে

গ ভীৰৰে গভীৰতে ণ্ডণণ্ডণ গানবোৰে

সোধে মাথোঁ কেনে আছা তুমি

ৰ'দ লৈ ৰৈ থকা ৰাগবোৰে ৰিঙিয়ালে

শাঁত পৰি শুই থকা সোঁৱৰণী সোঁৱৰিলে

জিৰণিৰে জুৰ লৈ জাগি থকা জীউটোৱে

সোধে মাথোঁ কেনে আছা তুমি

~ itsmechhinmoy