পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
কুঁৱলীৰে নিহালীত জ্বলি জ্বলি ধেমালি
খেয়ালী মনত হেঁপাহৰ গুন্-গুন্
তমসাত নাচে ৰ'দালিৰে উম
নিহালীতে ধেমালি গলি গলি বাৰ্তালাপ
ফাগুন-বৰণ, নিবিড় লগন
হেৰুওৱা কবিতাৰ কলতান, কলতান
ফাগুন-বৰণ, নিবিড় লগন
হেৰুওৱা কবিতাৰ কলতান, কলতান
স্মৃতিৰে কোমল কাঁচিয়লি ৰ'দ, কেনভাছত বাৰ্তালাপ
সুমথিৰা সপোনৰ ৰহণ বুটলি কেনভাছত বাৰ্তালাপ
সোঁৱৰণিৰ প্ৰহেলিকাত দুটি ওঁঠৰ তুলিকা
পাহৰণিৰে তুলি অৱগুণ্ঠন
এটি-দুটি মিঠা শব্দৰ গুঞ্জন
দুটি ওঁঠৰ তুলিকাত জীপাল হেজাৰ বাৰ্তালাপ
ফাগুন-বৰণ, নিবিড় লগন
হেৰুওৱা কবিতাৰ কলতান, কলতান
ফাগুন-বৰণ, নিবিড় লগন
হেৰুওৱা কবিতাৰ কলতান, কলতান
জাপি থোৱা সময়ৰ এজাপ ফুলাম চিঠি
নোকোৱা কথাৰ ভোমোৰা খেদি খেদি
ডাৱৰৰ সাঁথৰ ভাঙি
বেলিফুল আকাশ চানি
বিচাৰি সঁচাৰ মৰীচিকা
ফাগুন-বৰণ, নিবিড় লগন
হেৰুওৱা কবিতাৰ কলতান, কলতান
ফাগুন-বৰণ, নিবিড় লগন
হেৰুওৱা কবিতাৰ কলতান, কলতান
ফাগুন-বৰণ, নিবিড় লগন
হেৰুওৱা কবিতাৰ কলতান, কলতান
ফাগুন-বৰণ, নিবিড় লগন (ফাগুন-বৰণ)