🎵
যা, পখী, উৰি যা
এৰি থৈ অহা সুৰ বিচাৰি
আহ, জুৰ মলয়া
স্মৃতিৰে পাখিত ঘুমটি লৈ আহ
আকৌ এবাৰ লাগে ল'ৰালি
ভাগৰি বিচাৰি ধেমালি
আইৰ বুকুত উমলি শাওণৰে গধূলি
নেভাঙিবি শিয়ালী সৰু পোনাৰ টোপনি
দুপাখি মেলি ঘূৰি আহ এবেলি
ক'ত হেৰালি, ল'ৰালি?
সৌ সৰু আকাশখনত সতো ৰঙৰে সপোন
টোপাল-টোপাল বৰষুণত আপোন পাহৰা নাচোন
কেঁচা মাটিৰে ফাকু খেলি পৰিছিলোঁ ভাগৰি
নিশাৰ তৰাৰ হাঁহি গণি জোনাকী উজাগৰী
নিজান চকুলোৰে সোঁৱৰণি সৰে মনতে পৰিলে তোক
ডাঙৰ হ'লোঁ আজি, নিষ্ঠুৰ এই পৃথিৱী, ঘূৰাই দে ল'ৰালি মোক
ল'ৰালি
ল'ৰালি
নাই, নাহিবি ঘূৰি
আজি উকা পৃথিৱীত
আকাশ তেজাল শেৱালি
মৰম নহয় মুকলি
আইৰ স'তে য'ত উমলি আছিলি
তাতেই থাক, ল'ৰালি