🎵
শুদ্ধ আজি অৱৰুদ্ধ, সত্য আজি বাণবিদ্ধ
নেত্ৰহীন অন্ধ সমাজ
মায়ামোহে মনমুগ্ধ, অবিৰত আজি যুদ্ধ
মুক্তকণ্ঠৰ লাগে আৱাজ
ছায়া যদি হয় হতাশা
হেৰাব নিদিবা আশা
জীপাল ৰাখা প্ৰত্যাশা
আহিব জোনাকী নিশা
আজি মন মেঘাচ্ছন্ন, নিসংগতা অবিচ্ছিন্ন
অৰ্ধমৃত ক্লান্ত উশাহ
অহৰহ দেঁখো স্বপ্ন, স্বপ্নৰত প্ৰতি লগ্ন
বাঢ়ি আহে মনৰ উচাস
কোন মই আজি প্ৰশ্ন এই জীৱনৰ
শোণিত বিপ্লৱৰ আজি
যদিও মই কাৰাৰুদ্ধ শুদ্ধ কথাত প্ৰতিবদ্ধ মন
যদিও মই পথভ্ৰষ্ট্ৰ, সুখী আজি প্ৰতি লগন
যাত্ৰা এই বিপ্লৱৰ ভাঙি দিয়া ভণ্ড শাসন
ন'হবা আৱদ্ধ সংকীৰ্ণ কিয় জনগণ
সমাগত সময় বিপ্লৱৰ
নুবুজা শত আবেগৰ
প্ৰশ্ন আজি এই প্ৰহৰ
বিননি শুনো নীৰিহৰ